Wednesday, 26 July 2023

সঁচা প্রেম এনেকুৱাই।♥️

সঁচা প্রেম এনেকুৱাই।♥️

Time 8 ত পালোঁ বন্ধুৰ পৰা business partner, তাৰ পাছত প্ৰেম আৰু এতিয়া জীৱন লগৰী হৈ মহানগৰীৰ এটি জেগাত হাতে হাত ধৰি একেলগে এখনি মৰমৰ fast food ৰ দোকান।

তেঁওলোকে private চাকৰি কৰিছিল, সঁচা অৰ্থত যত মালিকে অজস্ৰ profit লৈ কৰ্মচাৰীক কেইটকামান টকা দিয়ে, যিটো পইছাৰে ভাড়া ঘৰত থাকি নিজক চলোৱা টো সম্ভব নহয়। মালিকৰ profit বাঢ়ি গৈ থাকে কিন্তু কৰ্মচাৰীৰ দৰমহা নাবাঢ়ে। বৰ্ত্তমান তেওঁলোক এই শোষণৰ পৰা মুক্ত।

ছোৱালী গৰাকীয়ে এটা কথা কলে যে তেওঁলোকক facebook ৰ post ত কিছুমান মানুহে comment দি কয় যে সৰুতে বিয়া পাতিলে এনেকুৱাই হব। অৰ্থাৎ এনেকুৱাই হব বুলি কৈ তেঁওলোকৰ কাম টোক উপলুঙা কৰিছে। এইসকলেই সেইসকল মানুহ যাৰ ঠাট্টা শুনি অসমীয়া মানুহ কাম কৰিবলৈ ওলাই নাহে আৰু যি নেকি নিজে একো নকৰে আৰু এটা কথা উপযুক্ত  বয়স যদি হৈছে দুজন মানুহৰ মন মিলিছে, কিবা নহয় কিবা কৰি জীৱন টো চলাব পাৰিম বুলি ভবাৰ capacity আছে তেন্তে উপযুক্ত বয়সত বিয়া পাতিলেও কাৰো একো কবলগা থাকিব নালাগে।  

দেৰিকে বিয়া পাতিম বুলি 3 মাহৰ মূৰে মূৰে bf gf সলাই থাকি শেষত কোনোবা এজন টকা থকা মানুহৰ লগত বিয়াপতাতকৈ মনে মিলা ভাল পোৱা মানুহ জনৰ লগত বিয়া হোৱাটো বেছি মহান কাম, অৰ্থাৎ Imperfect ক perfect বনাই লোৱাটোৱেইটো সঁচা ভালপোৱা।

ছোৱালীগৰাকীক ধন্যবাদ জনাইছোঁ। যি সময়ত স্বামী চাফাই কৰ্মী বুলি জানি নিজে SDM ৰ চাকৰি পোৱাৰ পিছত স্বামীক এৰি যায়, যি সময়ত স্বামীয়ে সৰু চাকৰি কৰিলে কবলৈ লাজ কৰে এচামে, সেইসময়ত তেঁওও ওলাই আহিছে নিজৰ মানুহজনৰ লগত একেলগে কাম কৰিবলৈ।

অসৎ পথত যোৱা সমাজ আৰু অসৎ পথত যোৱা মানুহক উৎসাহ দিয়া সেই চাম মানুহে এনেবোৰ কামক উপলুঙা কৰাৰ অধিকাৰ নাই। আপোনালোক দুজন বহুতৰ বাবে আদৰ্শ হওঁক। কামক শ্ৰদ্ধা কৰি অসমীয়া যুৱক যুৱতী ওলাই আহক। 32000 চাকৰিহে চৰকাৰে দিব আৰু, নোপোৱা বোৰে কি কৰিব। তাৰ বাবে বৰ্ত্তমান আপোনালোক এটি উদাহৰণ।
Credit: Facebook 

©®™✍️ Debasish Kumar Bora



1 comment:

India Post Payments Bank Recruitment 2025 – 348 Posts, Online Apply

India Post Payments Bank Limited (IPPB) Last Date: 29/10/2025 .   India Post Payments Bank has released an employment notification for the ...