Tuesday, 1 August 2023

ৰচনা : প্রিয় সাহিত্যিক । অসমীয়া ৰচনা | নৱম - দশম শ্ৰেণীৰ ৰচনা | Class 9 and Class 10 Essay

ৰচনা : প্রিয় সাহিত্যিক 


সূচীপত্ৰ



পাতনি:

প্রিয় সাহিত্যিক

জন্ম আৰু শিক্ষা:

সাহিত্য আৰু সাংস্কৃতিক জীৱন:

বঁটা, সন্মান:

সামৰণি:



পাতনি :-

সাহিত্য এটা জাতিৰ দাপোন বুলি কোৱা হয়। সাহিত্য   প্ৰতিফলিত কৰে জাতিটোৰ সভ্যতা, সংস্কৃতি, ভাল-বেয়া    সকলো। প্ৰতি যুগে যুগে এই ধৰালৈ অনেক লোকৰ   আগমন ঘটিছে যিয়ে নিজৰ একান্ত চেষ্টা; সাধনা আৰু  মেধাৰ বলত এই ধৰাত নিজৰ নাম যুগমীয়া কৰি  থৈ  গৈছে  ।সাহিত্যৰ জগতখনতো এনে লোকৰ  সংখ্যা তাকৰ নহয় । এনে বহু সাহিত্যিক আছে যিয়ে  নিজৰ প্ৰজ্ঞা আৰু মেধাৰ বলত ইতিহাসত নিজৰ নাম  সোণালী আখৰেৰে লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে ।যাৰ  কলমৰ চোকে বহুজনক ধৰাশায়ী কৰিবলৈও সক্ষম হৈছে  । বাস্তৱ জীৱনৰ দুখ- দূৰ্দশা, হতাশা, প্ৰত্যাহ্বানক  হেলাৰঙে  জয় কৰি যাৰ কলমে উপহাৰ দিছে শ্ৰেষ্ঠতম  সাহিত্য আৰু সেই সৃষ্টিয়ে মানৱ জাতিৰ অলপ হলেও উপকাৰ সাধিব পাৰিছে তেওঁৱেই শ্ৰেষ্ঠ সাহিত্যিক ।তেওঁৰ  সাহিত্য কালজয়ী, অক্ষয় । এনে একোগৰাকী  সাহিত্যিকেই  হৈ পৰে পাঠকৰ বাবে অনুপ্ৰেৰণাৰ উৎস।




প্রিয় সাহিত্যিক :-

মোৰ মনত সাঁচ বহুৱাই যোৱা এনে এগৰাকী সাহিত্যিক  হৈছে ড° ভবেন্দ্ৰনাথ শইকীয়া। অসমীয়া সাহিত্যৰ  জগতখন টনকিয়াল কৰাৰ ক্ষেত্ৰত তেখেত হৈছে অন্যতম  পুৰোধা। ড° শইকীয়াৰ সূক্ষ্মবোধ আৰু স্বকীয় লিখন  শৈলীৰ লগতে তেখেতৰ মানৱতাবাদী জীৱন দৰ্শনে মোক  গভীৰভাৱে আকৃষ্ট কৰে। তেখেতৰ যি বিশ্লেষণ আৰু  বিচাৰশৈলী সেয়া আজি ইমান বছৰৰ পিছতো প্ৰাসংগিক  আৰু বাস্তৱসন্মত। সেয়ে স্বাভাৱিকতে মোৰ প্রিয়  সাহিত্যিকৰ আসনত তেখেতক বহুৱাই গৌৰৱ অনুভৱ  কৰিছোঁ। শিশুৰ পৰা আবাল বৃদ্ধ বনিতালৈকে সকলোৰে  মাজত তেখেতৰ সাহিত্যৰ যি সমাদৰ সেয়াই তেওঁৰ  সাহিত্যিক জীৱনৰ কীৰ্তিক প্ৰতিফলিত কৰে। অকল  সাহিত্যৰ ক্ষেত্ৰতে নহয় অসমৰ সাংস্কৃতিক, চলচ্চিত্ৰ,  সাংবাদিকতাৰ জগতখনতো তেখেতৰ অৱদান  অনস্বীকাৰ্য। তেখেতৰ চুটি গল্পই প্ৰথম মোৰ কৈশোৰ  মনত  সাঁচ বহুৱাবলৈ সক্ষম হৈছিল তাৰ পিছত ক্ৰমান্নয়ে  তেখেতৰ বহুকেইখন গ্ৰন্থ, উপন্যাস আদিয়ে তেখেতক  মোৰ প্রিয় সাহিত্যিক হিচাপে অভিহিত কৰাত সহায়ক  হৈছে।




জন্ম আৰু শিক্ষা :-

ড° ভবেন্দ্ৰনাথ শইকীয়াৰ জন্ম হয় ১৯৩২ চনৰ ২০  ফেব্ৰুৱাৰীৰ দিনা নগাঁওৰ ফৌজাদাৰী পট্টিত । তেখেতৰ  পিতৃ আছিল বিদূৰ কুমাৰ শইকীয়া আৰু মাতৃ চম্পাবালা  শইকীয়া । পিতৃ নগাঁও মোক্তাব স্কুলৰ শিক্ষক হোৱাৰ  বিপৰীতে মাতৃ আছিল নিৰক্ষৰা । শিক্ষা , কৰ্মসংস্থান , বিবাহ: শইকীয়াই ১৯৪৮ চনত তিনিটা বিষয়ত লেটাৰসহ  ষ্টাৰ নম্বৰ লৈ প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় ।  ১৯৫০ চনত কটন কলেজৰ পৰা বিজ্ঞান শাখাত   সুখ্যাতিৰে প্ৰথম বিভাগত ইণ্টাৰমিডিয়েট পৰীক্ষাত  উত্তীৰ্ণ  হোৱাৰ পিছত সেই কলেজৰ পৰাই ১৯৫২ চনত  পাদাৰ্থবিজ্ঞানত দ্বিতীয় শ্ৰেণীৰ অনাৰ্ছসহ বি.এছ. ছি.  ডিগ্ৰী লাভ কৰে ।১৯৫৫-৫৬ চনত কলিকতা  বিশ্ববিদ্যালয়ৰ অধীনস্থ প্ৰেচিডেন্সি কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত দ্বিতীয় শ্ৰেণীসহ স্নাতকোত্তৰ ডিগ্ৰী লয় ।১৯৬১ চনত লণ্ডন বিশ্ববিদ্যালয়ৰপৰা উল্লিখিত বিষয়ত গৱেষণা কৰি পি. এইচ.ডি আৰু একে বছৰতে লণ্ডনৰ ইম্পেৰিয়েল কলেজ অৱ ছায়েন্স এণ্ড টেকনলজিৰ ডিপ্লমা লাভ কৰে । শিক্ষা সমাপ্ত কৰি শইকীয়াই শিৱসাগৰ কলেজত প্ৰথম কৰ্মজীৱনৰ পাতনি মেলে পদাৰ্থ বিজ্ঞানৰ প্ৰবক্তা হিচাপে । পিছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত পদাৰ্থবিজ্ঞানৰ স্নাতকোত্তৰ বিভাগৰ ৰিডাৰ হিচাপে যোগদান কৰে । তদুপৰি তেখেতে গৌহাটী বিশ্ববিদ্যালয়ৰ আঞ্চলিক ভাষাত পাঠ্যপুথি প্ৰণয়নৰ সমন্বয়ৰক্ষী সমিতিৰ সচিব আৰু গুৱাহাটীৰ ৰেল সেৱা আয়োগৰ অধ্যক্ষ ৰূপেও নিযুক্ত হৈছিল । ১৯৬৫ চনত তেওঁ প্ৰীতি শইকীয়াৰ সৈতে বিবাহপাশত আবদ্ধ হয় । তেখেতৰ দুগৰাকী কন্যা সন্তানো আছে ।



সাহিত্য আৰু সাংস্কৃতিক জীৱন :-

ড° ভবেন্দ্ৰনাথ শইকীয়াৰ সাহিত্য আৰু সাংস্কৃতিক পৰিক্ৰমা আছিল বিস্তৃতভাৱে পৰিব্যাপ্ত । পঞ্চম শ্ৰেণীত পঢ়ি থাকোতে পদ্য ৰচনা আৰু নৱম শ্ৰেণীত পঢ়ি থকা অৱস্থাত 'পথ নিৰূপন' নামৰ গল্পৰ জৰিয়তে সাহিত্য জগতত প্ৰথম প্ৰৱেশ কৰা শইকীয়াই পিছলৈ এগৰাকী প্ৰসিদ্ধ গল্পকাৰ হিচাপে আত্মপ্ৰতিষ্ঠা লাভ কৰে । ড° শইকীয়াই ১৯৪৭ চনৰ পৰা গল্পকাৰ হিচাপে প্ৰতিষ্ঠিত হোৱাৰ পৰা অৰ্ধ শতিকা জুৰি গল্প ৰচনাৰে স্বকীয় ধাৰা এটি প্রৱৰ্তিত কৰে । তেওঁৰ গল্পসমূহত প্ৰাত্যহিক জীৱনৰ সৰু বৰ ঘটনাৰ সৰস বৰ্ণনা, চৰিত্ৰৰ নিখুঁত ৰূপায়ণ , পৰিৱেশ আৰু পৰিস্থিতিৰ যথাযথ উপস্থাপনৰ বাবে সকলো শ্ৰেণীৰ পাঠকৰ বাবে ই সুখপাঠ্য হৈ পৰে । 'সেন্দুৰ', 'গহ্বৰ', 'শৃংখল', 'এন্দুৰ', 'প্ৰহৰী' আদি গল্পৰ ব্যঞ্জনাময় সমাপ্তি কোনে পাহৰিব পাৰে ?! ড° শইকীয়াৰ প্ৰথম গল্প সংকলন 'প্ৰহৰী' কে মুখ্য কৰি কেবাখনো গল্প সংকলন ইতিমধ্যে প্ৰকাশ পাইছে । সেয়া হ'ল -'বৃন্দাবন, গহ্বৰ, সেন্দুৰ, শৃংখল, ড° ভবেন্দ্ৰনাথ শইকীয়াৰ শ্ৰেষ্ঠ গল্প ( গল্প সংগ্ৰহ ), তৰংগ, আকাশ, এই বন্দৰৰ আবেলি, উপকন্ঠ আৰু সান্ধ্য ভ্ৰমণ'। ইয়াৰে 'শৃংখল' নামৰ গল্প সংকলন খনৰ বাবে তেখেতে ১৯৭৬ চনৰ সাহিত্য অকাডেমী বঁটা লাভ কৰে । দুই-চাৰিটামান পদ্য আৰু চুটিগল্পৰ ৰচনাৰ পিছতে তেখেতে মেট্ৰিক পৰীক্ষা দি আজৰি হৈ ' 'আতংকৰ শেষত ' নামৰ ডিটেক্টিভ উপন্যাসখন লিখি ঔপন্যাসিক জীৱনৰ শুভাৰম্ভ কৰে । ১৯৫২ চনত নগাঁও পুথিঘৰ প্ৰেছে উপন্যাসখন প্ৰকাশ কৰি উলিয়ায় । তেওঁৰ সামাজিক উপন্যাস দুখন ' 'অন্তৰীপ' আৰু 'ৰম্যভূমি ' । এই কেইখন উপন্যাসৰ জৰিয়তে অসমীয়া উপন্যাসৰ ইতিহাসত ড° শইকীয়াই নিজা এডোখৰ ঠাই উলিয়াই ল'বলৈ সক্ষম হ'ল । অসমীয়া শিশু সাহিত্যলৈ তেখেতৰ অৱদান সাংঘাতিক ভাবে লেখত ল'বলগীয়া । অসমীয়া শিশু সাহিত্যৰ ভঁৰালটো চহকী কৰি থৈ যোৱাৰ ক্ষেত্ৰত তেখেত এগৰাকী অন্যতম সাহিত্যিক । শিশু আৰু কিশোৰৰ উপযোগী তেখেতৰ ৰচনাৱলী সমূহ হৈছে 'মৰমৰ দেউতা ', 'তোমালোকৰ ভাল হওঁক', 'শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্ট', মহাদূষ্টৰ দূষ্ট বুদ্ধি আদি । 'সঁফুৰা ' নামৰ শিশু আলোচনী খনৰ সম্পাদনা তেওঁৰ জীৱনৰ অন্যতম কীৰ্তিস্তম্ভ । অসমৰ ভ্ৰাম্যমাণ নাট্যজগততো তেখেত আছিল মহীৰূহ স্বৰূপ । ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে তেওঁ ২০০১ চনলৈকে ২৬ খন নাটক ৰচনা কৰিছিল ।১৯৮১-৮২ চনত ' ৰামধেনু' নাটকৰ জৰিয়তে ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত প্ৰৱেশ কৰা ড° শইকীয়াৰ কেইখনমান মঞ্চসফল নাট হ'ল 'গহ্বৰ', 'দীনবন্ধু' , 'বৃন্দাবন', 'সমুদ্ৰ মন্থন' , 'ৰম্যভূমি', 'গধূলি' , 'এজাক জোনাকীৰ জিলমিল 'আদি । ড° ভবেন্দ্ৰনাথ শইকীয়াই এলানি ৰেডিঅ' নাটকো লিখি থৈ গৈছে । অসমীয়া চলচ্চিত্ৰ জগতত ড° ভবেন্দ্ৰনাথ শইকীয়াৰ নাম প্ৰাতঃস্মৰণীয় হৈ ৰ'ব । সতী বেউলা নামৰ ছবিৰ এটি চৰিত্ৰত অভিনয়েৰে চলচিত্ৰ জগতত ভৰি দিয়া  ড° শইকীয়াই সন্ধ্যাৰাগ , অনিৰ্বাণ , অগ্নিস্নান , কোলাহল ,সাৰথি ,আৱৰ্তন , ইতিহাস আৰু হিন্দী ভাষাত কালসন্ধ্যা  নিৰ্মান কৰি অসমীয়া চলচ্চিত্ৰলৈ জোৱাৰ আনে । ইয়াৰে অগ্নিস্নান চলচ্চিত্ৰই শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা আৰু সন্ধ্যাৰাগ, অনিৰ্বাণ , কোলাহল, আৱৰ্তন , ইতিহাস আৰু সাৰথি চলচ্চিত্ৰই ৰজত কমল বঁটা লাভ কৰে । ড° ভবেন্দ্ৰনাথ শইকীয়া আছিল অসমৰ প্ৰজ্ঞা আৰু সাধনাৰ দস্তাবেজ স্বৰূপ 'প্ৰান্তিক' ৰ বাবে পিতামহ স্বৰূপ । আজিও প্ৰান্তিকৰ 'শেষ পৃষ্ঠাই' ড° শইকীয়াক জীয়াই ৰাখিছে । অসমৰ প্ৰতি ঘৰে ঘৰে প্ৰান্তিক আলোচনী সমাদৃত হোৱাৰ মূলতে হ'ল ড° ভবেন্দ্ৰনাথ শইকীয়া । ১৯৮৩ চনত জন্ম লাভ কৰা শিশু আলোচনী ' সঁফুৰা'ৰ সাফল্যৰ মূলতো এইজন পুৰোধা জড়িত । নির্ভুল আখৰ জোঁটনিৰ বাবেও দুয়োখন আলোচনী জনপ্ৰিয় । শইকীয়া দেৱৰ আত্মজীৱনী ' জীৱন- বৃত্ত' ত সন্নিৱিষ্ট হৈছে তেওঁৰ জীৱনৰ দীঘ আৰু বাণী । 'কৰ্মই ধৰ্ম' এই বাণীক সাৰোগত কৰি দুৰাৰোগ্য ব্যাধিকো আওকাণ কৰি তেওঁ কেৱল নীৰৱে সাহিত্য- সংস্কৃতিৰ সাধনা কৰি গ'ল । সমাজৰ নিপীড়িত , অৱহেলিত শ্ৰেণীৰ বাবে গুৱাহাটী মহানগৰীৰ বেলতলাত স্থাপন কৰিলে ' আৰোহণ ' । আজিও 'আৰোহণে' প্ৰতি মুহূৰ্ততে তেখেতক সোঁৱৰাই আছে , আমাৰ মাজত অমৰ কৰি ৰাখিছে । লগতে তাত এটি শিশু ন্যাসো বৰ্তমান সময়ত স্থাপন কৰা হৈছে য'ত শিশুৰ বাবে প্ৰয়োজনীয় সকলোধৰণৰ সা- সুবিধা উপলব্ধ ।



বঁটা, সন্মান :-

ড° শইকীয়া দেৱে তেখেতৰ জীৱন কালত বিভিন্ন সন্মানেৰে বিভূষিত হ'বলৈ সক্ষম হৈছিল । এইসমূহৰ ভিতৰত সংগীত নাটক একাডেমী , সাহিত্য একাডেমীৰ কাৰ্যকৰী আৰু সাধাৰণ পৰিষদ , গৌহাটী বিশ্ববিদ্যালয়ৰ একাডেমীক কাউন্সিল, পুনেৰ চলচ্চিত্ৰ আৰু টেলিভিছন ইনষ্টিটিউট সমাজ আদি বিভিন্ন অনুষ্ঠান - প্ৰতিষ্ঠানৰ সন্মানীয় সদস্য , জ্যোতি চিত্ৰবনৰ সভাপতি , অসম ৰাজ্যিক চলচ্চিত্ৰ নিগম লিমিটেডৰ অধ্যক্ষ আৰু মৃত্যুৰ আগমুহূৰ্তলৈকে শ্ৰী মন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপসভাপতি ৰূপে কাৰ্য নিৰ্বাহ কৰি ভাৰত তথা অসমৰ কলা- সাহিত্য- সংস্কৃতিৰ মঞ্চ জীপাল কৰি তুলিছিল । ১৯৮১ চনত ড° শইকীয়াক বংগীয় সাহিত্য পৰিষদে কলকাতাৰ সাহিত্যিক ' হৰনাথ ঘোষ বঁটা ', ১৯৯০ চনত মেগৰ শৈক্ষিক ন্যাসে ' অসম উপত্যকা বঁটা ',১৯৯৮ চনত অসম চৰকাৰে অসমৰ সৰ্বোচ্চ সন্মান ' শ্ৰী মন্ত শংকৰদেৱ বঁটা ' আগবঢ়ায় । ২০০১ চনত তেখেতক 'পদ্মশ্ৰী ' সন্মানেৰে বিভূষিত কৰা হয় । ডিব্ৰুগড় বিশ্ববিদ্যালয়ে চলচ্চিত্ৰ আৰু সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা বহুমূলীয়া অৱদানৰ বাবে ২০০১ চনৰ ১৮ অক্টোবৰৰ দিনা অনুষ্ঠিত অষ্টম সমাবর্তনত ডি. লিট উপাধিৰে সন্মানিত কৰে ।



সামৰণি :-

ড° ভবেন্দ্ৰনাথ শইকীয়া ছাৰ কেৱল ব্যক্তি নহয় , এক বিশাল অনুষ্ঠান । বিংশ শতিকাৰ এজন শ্ৰেষ্ঠ অসমীয়া ড° ভবেন্দ্ৰনাথ শইকীয়াক মোৰ প্রিয় সাহিত্যিক ৰূপে ক'বলৈ পাই মই গৌৰৱবোধ কৰিছোঁ । এজন জীৱন শিল্পী, প্ৰতিভাশালী অথচ নিৰহংকাৰী , সততা আৰু কৰ্মনিষ্ঠাৰ প্ৰতিভুৰুপে ড° শইকীয়াই অসমীয়া সাহিত্য সংস্কৃতি জগতত নিজাকৈ এটি স্বৰ্ণিল বাট কাটিবলৈ সক্ষম হ'ল । সেয়েহে তেখেতৰ মহাপ্ৰয়াণৰ পাছতো তেখেতক উত্তৰ পুৰুষে মনত ৰাখিছে আৰু আগলৈও ৰাখিব ।






Mahatma Gandhi Essay in Assamese - মহাত্মা গান্ধী বিষয়ে

Mahatma Gandhi Essay in Assamese - মহাত্মা গান্ধী বিষয়ে ৰচনা 


মহাত্মা গান্ধী ৰচনা অসমীয়া | মহাত্মা গান্ধী বিষয়ে | Mahatma gandhi biography in assamese | গান্ধী জয়ন্তী | 2 October



জন্ম :২ অক্টোবৰ, ১৮৬৯

জন্মস্থান : পোৰবন্ধৰত, গুজৰাট

মৃত্যুৰ কাৰণ: বন্দুকৰ দ্বাৰা গুলী বা হত্যা

পিতৃ: কৰমচান্দ গান্ধী

মাতৃ: পুতলীবাই গান্ধী

পত্নী: কস্তুৰবা গান্ধী

মৃত্যু: ৩০ জানুৱাৰী, ১৯৪৮ (দিল্লী).


মহাত্মা গান্ধী কোন আছিল ?


মহাত্মা গান্ধী ব্ৰিটিছ শাসনৰ বিৰুদ্ধে আৰু দক্ষিণ আফ্ৰিকাত ভাৰতৰ অহিংস স্বাধীনতা আন্দোলনৰ নেতা আছিল যিয়ে ভাৰতীয়সকলৰ নাগৰিক অধিকাৰৰ পোষকতা কৰিছিল।

গান্ধীয়ে ১৮৬৯ চনৰ ২ অক্টোবৰত ভাৰতৰ পোৰবন্দাৰত জন্মগ্ৰহণ কৰিছিল l ১৯০০ চনৰ অন্যতম সন্মানীয় আধ্যাত্মিক আৰু ৰাজনৈতিক নেতা হৈ পৰিছিল তেওঁ। গান্ধীয়ে অহিংস প্ৰতিৰোধৰ জৰিয়তে ভাৰতীয় জনসাধাৰণক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰাত সহায় কৰিছিল, আৰু ভাৰতীয় জাতিৰ পিতৃ হিচাপে ভাৰতীয়সকলে তেওঁক সন্মান জনায়। ভাৰতীয় জনসাধাৰণে গান্ধীক ‘মহাত্মা’ বুলি অভিহিত কৰিছিল, অৰ্থাৎ মহাত্মা। ১৩ বছৰ বয়সত গান্ধীয়ে একে বয়সৰ ছোৱালী কস্তুৰবাক বিয়া কৰায়। গান্ধীসকলৰ চাৰিটা সন্তান আছিল। গান্ধীয়ে লণ্ডনত আইন বিষয়ত অধ্যয়ন কৰি ১৮৯১ চনত ভাৰতলৈ উভতি আহে। ১৮৯৩ চনত তেওঁ দক্ষিণ আফ্ৰিকাত আইনী কাম কৰাৰ বাবে এবছৰৰ বাবে চুক্তিবদ্ধ হৈছিল।

গান্ধীৰ ধৰ্ম আৰু বিশ্বাস :

গান্ধীয়ে হিন্দু দেৱতা বিষ্ণুক পূজা কৰি আৰু জৈন ধৰ্ম অনুসৰণ কৰি ডাঙৰ-দীঘল হৈছিল, যিটো নৈতিকভাৱে কঠোৰ প্ৰাচীন ভাৰতীয় ধৰ্ম যিয়ে অহিংসা, উপবাস, ধ্যান আৰু নিৰামিষভোজক সমৰ্থন কৰিছিল।মহাত্মা গান্ধীয়ে তেওঁৰ বিখ্যাত বাক্যাংশৰে মানুহক অনুপ্ৰাণিত কৰিছিল "বিশ্বত আপুনি চাব বিচৰা পৰিৱৰ্তন হওক।“ তেওঁ অহিংসা, সত্য আৰু আত্মনিয়ন্ত্ৰণৰ চৰ্চা কৰিছিল। লণ্ডনত থকাৰ সময়ত তেওঁ নিৰামিষ খাদ্যৰ প্ৰতি অধিক দায়বদ্ধ হৈ পৰিছিল \ জাতিৰ পিতৃয়ে সহজ জীৱন আৰু উচ্চ চিন্তাধাৰাত বিশ্বাস কৰিছিল।তেওঁ সৰলভাৱে জীয়াই আছিল, পৰম্পৰাগত ভাৰতীয় ধোতি আৰু চৰখাত হাতেৰে কাটি উলৰ পৰা বোৱা চাদৰ পিন্ধিছিল।মাংস, মদ আৰু অশ্লীলতা খোৱাৰ পৰা বিৰত আছিল। ৰাজনৈতিক প্ৰতিবাদৰ বিৰোধিতা কৰি মহাত্মা গান্ধীয়ে দীঘলীয়া ৰোজা ৰাখিছিল।

গান্ধী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ :


দক্ষিণ আফ্ৰিকাত দীৰ্ঘদিন ধৰি থকা আৰু ব্ৰিটিছৰ বৰ্ণবাদী নীতিৰ বিৰুদ্ধে সক্ৰিয়তাৰ পিছত গান্ধীয়ে জাতীয়তাবাদী, তত্ত্ববিদ আৰু সংগঠক হিচাপে সুনাম অৰ্জন কৰিছিল।  ভাৰতীয় জাতীয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গোপাল কৃষ্ণ গোখলেই গান্ধীক ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ভাৰতৰ স্বাধীনতা সংগ্ৰামত যোগদান কৰিবলৈ আমন্ত্ৰণ জনায়।  গোখলেই মোহনদাস কৰমচান্দ গান্ধীক ভাৰতৰ প্ৰচলিত ৰাজনৈতিক পৰিস্থিতিৰ লগতে সেই সময়ৰ সামাজিক সমস্যাৰ বিষয়েও পুংখানুপুংখভাৱে নিৰ্দেশনা দিছিল।  ইয়াৰ পিছত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে আৰু ১৯২০ চনত নেতৃত্ব গ্ৰহণ কৰাৰ পূৰ্বে বহুতো আন্দোলনৰ নেতৃত্ব দিয়ে যাৰ নাম তেওঁ সত্যাগ্ৰহ ৰাখে।


ভাৰতীয় স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীৰ বিখ্যাত অৱদানসমূহ চাওঁ আহক :


ভাৰতক স্বাধীনতাৰ দিশত পথ প্ৰদৰ্শন কৰা নেতা আছিল মহাত্মা গান্ধী। ২৫০ বছৰতকৈও অধিক সময় ভাৰত ব্ৰিটিছৰ শাসনত আছিল। গোপাল কৃষ্ণ গোখলেৰ অনুৰোধত ১৯১৫ চনত গান্ধী দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ উভতি আহে।

ভাৰতীয় স্বাধীনতা আন্দোলনত গান্ধীৰ অৱদান শব্দৰে জুখিব নোৱাৰি। তেওঁ আন আন স্বাধীনতা সংগ্ৰামীসকলৰ সৈতে ইংৰাজসকলক ভাৰত ত্যাগ কৰিবলৈ বাধ্য কৰাইছিল। তেওঁৰ নীতি আৰু এজেণ্ডা আছিল অহিংস আৰু তেওঁৰ কথাই লাখ লাখ লোকৰ বাবে প্ৰেৰণাৰ উৎস আছিল।


মহাত্মা গান্ধীৰ প্ৰধান আন্দোলন :


1.চম্পাৰণ সত্যাগ্ৰহ (১৯১৭) [ Champaran Satyagraha (1917) ]

2.খেদা সত্যাগ্ৰহ (১৯১৭ -১৯১৮)[Kheda Satyagraha (1917 -1918)]

3.খিলাফট আন্দোলন (১৯১৯)[Khilafat Movement (1919)]

4.অসহযোগিতা আন্দোলন (১৯২০)[Non-Cooperation Movement (1920)]

5.নাগৰিক-অবাধ্যতা আন্দোলন (১৯৩০)[ Civil-Disobedience Movement (1930)]

6.নাগৰিক-অবাধ্যতা আন্দোলন (১৯৩০)[ Civil-Disobedience Movement (1930)]


এইবোৰেই হৈছে মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতক ব্ৰিটিছ শাসন বা ঔপনিৱেশিক শাসনৰ পৰা মুক্তি লাভ কৰাত সহায় কৰা প্ৰধান আন্দোলন।


দেশৰ ‘জাতিৰ পিতৃ’ মহাত্মা গান্ধীয়ে ভাৰতক ব্ৰিটিছৰ দাসত্বৰ পৰা মুক্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। অহিংসা আৰু সত্যৰ পথ অনুসৰণ কৰি বাপুৱে যি দাসত্বৰ শিকলি ভাঙিছিল, সেই শিকলিবোৰ সমগ্ৰ বিশ্বতে তেওঁক অতিশয় প্ৰশংসা কৰিছিল। তেওঁৰ স্মৃতিত প্ৰতিবছৰে ২ অক্টোবৰ বাপু ৰ জন্ম জয়ন্তীত ‘আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস’ উদযাপন কৰা হয়। তেওঁ দেশখনক স্বাধীন কৰাৰ বাবে বহু আন্দোলন কৰিছিল, যাৰ ফলত ব্ৰিটিছৰ ভেটি কঁপি উঠিছিল। 


মহাত্মা গান্ধী ৰচিত বিখ্যাত গ্ৰন্থৰ তালিকা :


1. An Autobiography (The Story of My Experiments with Truth) 2. Inspirational Thoughts 3. The Bhagavad Gita According to Gandhi 4. Peace (The Words and Inspiration of Mahatma Gandhi) 5. The Essential Gandhi 6. Gandhi on Non-Violence 7. The Power of Nonviolent Resistance, Selected Writings 8. Mohandas Gandhi: Essential Writings 9.Hind Swaraj or Indian Home Rule 10. The Words of Gandhi 11. What is Hinduism? 12. Third Class in Indian Railways


মহাত্মা গান্ধীৰ বিখ্যাত উক্তি আৰু শ্লোগান :


“আপুনি পৃথিৱীত চাব বিচৰা পৰিৱৰ্তন হওক।” ...


“মই মোৰ মনত কাকো লেতেৰা ভৰিৰে খোজ কাঢ়িবলৈ নিদিওঁ।”

“কোমল ধৰণেৰে পৃথিৱীখনক জোকাৰিব পাৰি।”

“মোৰ অনুমতি অবিহনে মোক কোনেও আঘাত দিব নোৱাৰে।”

“এটা জাতিৰ মহানতা আৰু ইয়াৰ নৈতিক অগ্ৰগতি ইয়াৰ জীৱ-জন্তুৰ লগত যি ব্যৱহাৰ কৰা হয়, তাৰ দ্বাৰা বিচাৰ কৰিব পাৰি।” ...

“মানুহ মাথোঁ তেওঁৰ চিন্তাৰ উৎপাদন।


মহাত্মা গান্ধী মৃত্যু : 


গান্ধীৰ জীৱন-ধাৰণৰ শৈলী আছিল অতি সহজ৷ ‘Simple living, high thinking’ ৰ অনুগামী আছিল তেওঁ। তেওঁ ভাৰতত থকা জাতিগত বাধা আঁতৰাই পেলাছিল।। তেওঁ আছিল এজন সংস্কাৰক। ১৯৪৮ চনৰ ৩০ জানুৱাৰীত নামাজত উপস্থিত থাকিবলৈ যাওঁতে এজন ভাৰতীয়ই গুলীয়াই হত্যা কৰিছিল।




India Post Payments Bank Recruitment 2025 – 348 Posts, Online Apply

India Post Payments Bank Limited (IPPB) Last Date: 29/10/2025 .   India Post Payments Bank has released an employment notification for the ...